পৰম্পৰাগত আৰু আধুনিক কৃষি শিক্ষাৰ সামঞ্জস্যৰে দেশৰ কৃষিক্ষেত্ৰক আগবঢ়াই নিব লাগিবঃ ড০ হিমাংশু পাঠক
যোৰহাট, ১ এপ্ৰিলঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৪ সংখ্যক সমাৱৰ্তন আৰু ৫৬ সংখ্যক প্রতিষ্ঠা দিৱস আজি কেন্দ্ৰীয়ভাৱে যোৰহাটস্থ মূল চৌহদত অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত স্মৃতি তৰ্পণৰ পাছতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পাছতে বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত সমাবৰ্তনৰ মূল কাৰ্যসূচী অনুষ্ঠিত হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুৎ চন্দন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এই কাৰ্যসূচীত ভাৰত চৰকাৰৰ কৃষি গৱেষণা আৰু শিক্ষা বিভাগৰ সচিব তথা আই চি এ আৰৰ সঞ্চালক প্রধান আৰু আন্তঃৰাষ্ট্ৰীয় সম্পর্ক বিভাগৰ সহকাৰী সঞ্চালক প্রধান ড° হিমাংশু পাঠকে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে। ভাষণ প্ৰসংগত ড০ পাঠকে কয় যে এখন বিশ্ববিদ্যালয় মূল্যায়ন হয় শিক্ষাৰ্থীৰ গুণগত মানৰ ওপৰত। শিক্ষা আৰু শিক্ষাৰ্থীৰ মান বঢ়া মানেই বিশ্ববিদ্যালয়ৰ এখন আগুৱাই গৈছে বুলি ক’ব পাৰি। সেই দিশেৰে দেশৰ কৃষি শিক্ষাৰ উন্নতিৰ লগে লগে দেশত কৃষি উৎপাদন, গৱেষণা আদিতো অগ্ৰগতি পৰিলক্ষিত হয় আৰু সামগ্ৰিকভাৱে দেশৰ উন্নতিৰ ক্ষেত্ৰত কৃষিক্ষেত্ৰ অধিক অংশীদাৰ হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁয়ে আঁত ধৰা অনুষ্ঠানটোত দেশৰ প্ৰসিদ্ধ কৃষি বিজ্ঞানীগৰাকীয়ে শেহতীয়াকৈ ভাৰতীয় কৃষি ব্যৱস্থাত বিপ্লৱৰ সূচনা হোৱা বুলি উল্লেখ কৰি কৃষিৰ লগত জড়িতসকল অধিক দায়বদ্ধ হ’ব লাগিব বুলি উল্লেখ কৰে। পৰম্পৰাগত কৃষিকাৰ্য আৰু আধুনিক কৃষি শিক্ষাৰ সামঞ্জস্যৰে দেশৰ কৃষিক্ষেত্ৰক আগবঢ়াই নিয়াটো বৰ্তমান সময়ত অতি প্ৰয়োজনীয় হৈ পৰিছে বুলি উল্লেখ কৰে। উপাচাৰ্য ড০ ডেকাই আদৰণি ভাষণত দেশৰ কৃষি শিক্ষা গৱেষণা আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ে আগবঢ়োৱা অৱদানৰ বিষয়ে আলোকপাত কৰি উদ্ভাৱনী চিন্তাৰে সময়ৰ সৈতে খোজ মিলাই অসম কৃষি বিশ্ববিদ্যালয় আগুৱাই গৈছে বুলি উল্লেখ কৰে। এই সমাবৰ্তন অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯ খন মহাবিদ্যালয় পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে পি এইচ ডি লাভ কৰা ১১২০ শিক্ষাৰ্থীক আনুষ্ঠানিক ভাৱে ডিগ্ৰী প্ৰদান কৰা হয়। এই অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য সকল, অধিবিদ্যা পৰিষদৰ সদস্যসকল, বিজ্ঞান গুৰু সকল, গৱেষণা সঞ্চালকসকল, মুৰব্বী অধ্যাপক বিজ্ঞানীসকল, গৱেষণকসকল আৰু শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে। বিয়লি বিশ্ববিদ্যালয় খেলপথাৰত এখনি প্ৰীতি ফুটবল খেল আৰু সন্ধিয়া বিশ্ববিদ্যালয়ৰ চৌহদ আলোকিত কৰণ কৰা হয়। নিশা বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
