Spread the love

পশ্চিম বংগত পদক জয়েৰে কঢ়িয়াই আনিছে আশাৰ বতৰা

এফালৰ পৰা প্ৰচণ্ড প্ৰহাৰ আৰু প্ৰহাৰত দিকবিদিক হেৰুৱাই পেলোৱা এচাম যোদ্ধাৰ কাহিনী এয়া। হাওৰাঘাটৰ দুই সহোদৰৰ কাহিনী এয়া। যি অলপতে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি পশ্চিম বংগৰ বাংকুৰাৰ ভাৰত সেৱাশ্ৰম সংঘত যোৱা ১৫ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত Karate Federation of India আৰু Nabapally Youth Karate Centre ৰ যৌথ উদ্যোগত আয়োজিত 3RD INDEPENDENCE CUP (The 7th Annual National Martial Arts Games, 2025) ত ৯ বছৰ আৰু ১৭ অনূৰ্ধ শাখাত অংশগ্ৰহণ কৰি KATA আৰু KUMITE বিভাগত চূড়ান্ত বিজয়ীৰ সন্মান আঁজুৰি আনিবলৈ সক্ষম হয় কাৰাটেৰ নৱতম চাঞ্চল্য হাওৰাঘাটৰ দুই সহোদৰ ময়ূখ ৰাজবংশী আৰু কংকনা ৰাজবংশীয়ে।

প্ৰতিপক্ষৰ তীব্ৰ আক্ৰমণকো হেলাৰঙে নেওচি দুয়ো উজলি উঠিল ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত। এই লৈ এতিয়া পৰ্বতসম উছাহ পাহাৰত। ইতিমধ্যে হাওৰাঘাট শাখা কবি সন্মিলনৰ এটা দলে ময়ুখ আৰু কংকনাৰ গৃহত উপস্থিত হৈ সম্বৰ্ধনা জনাই দুয়োৰে উজ্জ্বল ভৱিষ্যত কামনা কৰে। হাওৰাঘাটৰ দুই সফল দম্পতী ৰিতু ৰাজবংশী আৰু ৰুলী কেওঁট ৰাজবংশীৰ সন্তান দুয়ো। নিজৰ একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল নিজৰ প্ৰথম প্ৰয়াসতে। যি সফলতাই এতিয়া গৌৰৱান্বিত কৰি তুলিছে অঞ্চলবাসীক।

https://amzn.to/47od8s6