ধুপগুৰিৰ ঢাকাইবস্তি মধ্য ইংৰাজী বিদ্যালয়ৰ হিন্দী শিক্ষক আফতাব উদ্দিনৰ বিদায় সম্বৰ্ধনা

Spread the love

১ এপ্ৰিলঃ নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত ধুপগুৰিৰ ঢাকাইবস্তি মধ্য ইংৰাজী বিদ্যালয়ৰ হিন্দী শিক্ষক আফতাব উদ্দিনৰ শিক্ষকতাৰ কৰ্ম জীৱনৰ যোৱা ৩১ মাৰ্চত অন্ত পৰাৰ হেতু সোমবাৰে তেওঁক বিদায় সম্বৰ্ধনা জনোৱা হয় ৷ সেই উদ্দেশ্যে বিদ্যালয়ৰ সভাগৃহত বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি নুৰুল ইছলামৰ পৌৰোহিত্যত এখনি সভা অনুষ্ঠিত কৰা হয় ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষক ইয়াচিন আলীয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাখনিত অৱসৰী শিক্ষক আফতাব উদ্দিনক ফুলাম গামোছা, গ্ৰন্থৰ টোপোলা, সম্বৰ্ধনা পত্ৰ, শৰাই, ছাতি, জাপি আদিৰে উষ্ম সম্বৰ্ধনা জনোৱা হয় ৷ গাম্ভীৰ্যপূৰ্ণ সভাখনিত বিদ্যালয়ৰ প্ৰাক্তন সভাপতিদ্বয় আব্দুল কুদ্দুচ, চিৰাজ উদ্দিন, অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুৰ ৰহমান, জালাল উদ্দিন চৰকাৰ, শিক্ষয়িত্ৰী আচমিনা পম্পী, শিক্ষক ইব্ৰাহিম আলী, হজৰত আলী, দেউৰাম ৰাজখোৱাকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে শৈক্ষিক ক্ষেত্ৰখনৰ উত্তৰণত বিদায়ী শিক্ষক আফতাব উদ্দিনে আগবঢ়োৱা অৱদানৰ বিষয়ে উল্লেখ কৰি বক্তব্য আগবঢ়াই ৷ সভাত শিক্ষক চাইফুল ইছলাম, হাফচিয়া বেগমৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু শুভাকাংক্ষীসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *