নতুন দিল্লী
ভাৰতৰ উচ্চতম ন্যায়ালয়ে দেশৰ শিক্ষা ব্যৱস্থা আৰু ছাত্ৰীসকলৰ স্বাস্থ্য সুৰক্ষাৰ দিশত এক যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে। শীৰ্ষ আদালতে এক ঐতিহাসিক ৰায়দানৰ জৰিয়তে স্পষ্ট নিৰ্দেশ দিছে যে দেশৰ প্ৰতিখন চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়ত ছাত্ৰীসকলৰ বাবে পৃথক শৌচাগাৰ আৰু ছেনিটেৰী পেডৰ সুবিধা বাধ্যতামূলকভাৱে উপলব্ধ হ’ব লাগিব। এই নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ প্ৰতিখন ৰাজ্য চৰকাৰক আগন্তুক তিনি মাহৰ সময়সীমা বান্ধি দিয়া হৈছে। বিদ্যালয়ত ঋতুস্ৰাৱৰ সময়ত ছাত্ৰীসকলে সন্মুখীন হোৱা অসুবিধাৰ সন্দৰ্ভত দাখিল কৰা এখন আৱেদনৰ ভিত্তিত আদালতে এই গুৰুত্বপূৰ্ণ ৰায়দান কৰে।
সংবিধানৰ ২১ নং অনুচ্ছেদ আৰু জীৱনৰ অধিকাৰ
এই আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে কেতবোৰ অতি গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ আগবঢ়ায়। ন্যায়ালয়ে স্পষ্টকৈ উল্লেখ কৰে যে ভাৰতীয় সংবিধানৰ ২১ নম্বৰ অনুচ্ছেদৰ অধীনত থকা ‘জীৱনৰ অধিকাৰ’ (Right to Life) কেৱল জীয়াই থকাতে সীমিত নহয়, ইয়াৰ অন্তৰ্গত ‘ঋতুস্ৰাৱ সম্পৰ্কীয় স্বাস্থ্যৰ অধিকাৰ’ও অন্তৰ্ভুক্ত। এই সিদ্ধান্তৰ জৰিয়তে শ্ৰেণীকোঠাত সহায় বিচাৰিবলৈ সংকোচ কৰা ছাত্ৰীসকল আৰু তেওঁলোকক সহায় কৰিবলৈ বিচাৰিও উপযুক্ত সম্পদৰ অভাৱত থমকি ৰোৱা শিক্ষকসকলৰ বাবে এক নতুন পথ প্ৰশস্ত হ’ল।
কিশোৰীসকললৈ ন্যায়ালয়ৰ বাৰ্তা
আদালতে অত্যন্ত স্পৰ্শকাতৰতাৰে কয় যে, “আমি সেই প্ৰতিগৰাকী কিশোৰীক এই বাৰ্তা দিব বিচাৰো যে যদি কোনো কিশোৰীয়ে নিজৰ শাৰীৰিক পৰিৱৰ্তনৰ বাবে স্কুললৈ যাব নোৱাৰে, তেন্তে তাত কিশোৰীগৰাকীৰ কোনো দোষ নাই।” ন্যায়ালয়ে লগতে কয় যে এখন সমাজৰ প্ৰগতিৰ প্ৰকৃত মাপকাঠি হৈছে সমাজৰ আটাইতকৈ দুৰ্বল আৰু স্পৰ্শকাতৰ শ্ৰেণীটোক কেনেদৰে সুৰক্ষা প্ৰদান কৰা হয়। কোনো এজনী ছোৱালীৰ স্বাভাৱিক শাৰীৰিক প্ৰক্ৰিয়াক বোজা হিচাপে গণ্য কৰি তেওঁক শিক্ষাৰ পৰা বঞ্চিত কৰাটো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলিও আদালতে দোহাৰে।
বিদ্যালয়সমূহৰ বাবে দিয়া মূল নিৰ্দেশনাসমূহঃ
পৃথক শৌচাগাৰ আৰু পানীৰ সুবিধা: প্ৰতিখন চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়ত ছাত্ৰ আৰু ছাত্ৰীৰ বাবে সম্পূৰ্ণ পৃথক শৌচাগাৰ আৰু পৰ্যাপ্ত পানীৰ সুবিধা নিশ্চিত কৰিব লাগিব। বিশেষভাৱে সক্ষম (দিব্যাংগ) ছাত্ৰীসকলৰ সুবিধাৰ্থেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
জৈৱ-পচনশীল (Biodegradable) ছেনিটেৰী নেপকিন: প্ৰতিখন বিদ্যালয়ৰ শৌচাগাৰতে পৰিৱেশ-অনুকূল আৰু জৈৱ-পচনশীল ছেনিটেৰী নেপকিন সহজে উপলব্ধ হ’ব লাগিব।
ঋতুস্ৰাৱজনিত স্বাস্থ্য ব্যৱস্থাপনা কেন্দ্ৰঃ
ঋতুস্ৰাৱৰ সময়ত উদ্ভৱ হ’ব পৰা যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰতিখন বিদ্যালয়তে এটা ‘মেনষ্ট্ৰুৱেল হাইজিন মেনেজমেণ্ট চেণ্টাৰ’ (Menstrual Hygiene Management Center) স্থাপন কৰিব লাগিব। এই কেন্দ্ৰত অতিৰিক্ত ইউনিফৰ্ম আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী মজুত ৰখাটো বাধ্যতামূলক।









Leave a Reply