বিশ্বৰ সমস্ত জীৱ-কুল প্রকৃতি আৰু প্রাকৃতিক সম্পদ জীয়াই থকাৰ আধাৰ

Spread the love

🔹উমা কান্ত বৰা

সৃষ্টিৰ পাতনিৰ পৰাই প্রকৃতি আৰু প্ৰাকৃতিৰ সম্পদ, জীৱ-জন্তু, চৰাই-চিৰিকতি, পশু-পক্ষী এই প্রকৃতিৰ বদান্যতাৰ বাবেই প্রকৃতিৰ সৈতে সহবাস কৰি এই ধৰিত্ৰী বাসোপযোগী কৰি চতুস্পদী আৰু দ্বিপদী জন্তুবোৰ জীয়াই থকাৰ সম্বল হিচাপে গ্রহণ কৰি বিনন্দীয়া পৃথিৱী জীৱ কুলৰ বিচৰণ ভূমিলৈ পৰিণত কৰিবলৈ সমর্থ হৈছিল।

প্রকৃতিয়েও অকুণ্ঠ চিত্তে দ্বিপদ জন্তু মনুষ্যক বক্ষ বিদাৰি জীৱ কূলৰ উত্তৰণৰ বাবে প্রয়োজনীয় সম্পদ দহন কৰিবলৈ স্বইচ্ছাই আমন্ত্ৰণ কৰি আনিছিল। এনেকৈয়ে জীৱশ্রেষ্ঠ মনুষ্যই নিজৰ সুবিধাৰ বাবে প্ৰকৃতিৰ সকলো সম্পদ দহন কৰিবলৈ লোৱাত বিবৰ্তনৰ প্রহেলিকাৰ অন্তর্নিহিত গুড়ার্থ বুজিবলৈ নোৱৰা বাবে ক্রমান্বয়ে প্রকৃতিৰ প্রাকৃতিক সম্পদ ক্ষয় হ’বলৈ ধৰিলে। ইয়েই ভবিষ্যত প্রজন্মৰ বাবে অশনি সংকেত ধ্বনি বুলি জীরশ্রেষ্ঠ মনুষ্যই পলমকৈ হ’লেও বুজিব পাৰি ইয়াৰ প্ৰতিকাৰৰ বাবে বিভিন্ন উপায় অবলম্বন কৰি ভৱিষ্যত প্রজন্মৰ সুৰক্ষাৰ ব্যৱস্থা গ্রহণ কৰিবলৈ প্রতিশ্রুতিবদ্ধ।

যিহেতু মনুষ্য জাতি তেওঁলোকৰ সুৰক্ষাৰ বাবে অতি সচেতন, সেয়েহে জীৱকূল বিশেষকৈ জীৱ শ্রেষ্ঠ দ্বিপদী মনুষ্য জাতিয়ে ভালকৈ অনুভৱ কৰিছে যে প্রকৃতিৰ প্ৰাকৃতিক সম্পদেই মনুষ্য জাতিৰ জীয়াই থকাৰ মূল আৰু অপৰিহাৰ্য আধাৰ।

বিশেষকৈ অতীব প্রয়োজন হয় ৰন্ধন গেছ, দূৰ দূৰণিলৈ অহা-যোৱা, দূৰ-দূৰণিৰ পৰা বিভিন্ন ৰাজ্য আৰু দেশৰ পৰা আমদানি কৰা লাগতিয়াল বস্তু-বাহানি, খাদ্য-সম্ভাৰ আদি আনিবলৈ যান-বাহনৰ মূল ইন্ধন হৈছে পেট্র’লিয়াম আৰু পেট্র’লজাতীয় ইন্ধনৰ উৎপাদন ক্রমান্বয়ে কমি অহাৰ বাবে ইয়াৰ দহন আৰু খনন সংৰক্ষণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রণালয়ৰ নিৰ্দেশত ভাৰত চৰকাৰ অধীনৰ সকলোবোৰ তেল উদ্যোগৰ অংশকাৰিত্বত প্ৰতি বছৰে এক বিশেষ কাৰ্যসূচীৰে সজাগতা শিবিৰ অনুষ্ঠিত কৰি অহা হৈছে। এই সজাগতা শিবিৰক ‘সক্ষম’ নামেৰে নামাংকন কৰা হৈছে। চলিত বছৰত ১৪ ফেব্ৰুৱাৰীৰ পৰা বছৰজোৰা কাৰ্য্যসূচী ২০২৫ ৰ ফেব্ৰুৱাৰীৰ ২৮ ত সামৰণি পৰে।

এই সক্ষম কার্যসূচী সৰ্বসাধাৰণক তেওঁলোকৰ সমস্যা, অভাৱ আৰু সংৰক্ষণৰ সমাধান ফলপ্রসুভাৱে পেট্র’লিয়াম উৎপাদক দ্রব্য সদ্‌ ব্যৱহাৰ কৰিলেহে স্বাস্থ্য আৰু পাৰিপাশ্বিক সুৰক্ষা প্রদান কৰিব পৰা যাব। এনে ধৰণৰ কাৰ্যসূচীয়ে ফলপ্রসুভাৱে সকলো স্তৰৰ বয়সৰ লোকৰ সংৰক্ষণত তেওঁলোকৰ অংশ গ্রহণে পেট্র’লজাতীয় উৎপাদন আৰু বিবাদকাৰীৰ বাবে সঠিক প্রত্যুত্তৰ হ’ব। অদ্যপি প্রত্যেককে সজাগ কৰাটো প্রত্যাহ্বান প্রক্রিয়া। যি কি নহওক যদি প্রতিজন ব্যক্তিয়ে তেওঁলোকৰ কৰণীয় (কর্তব্য) ফলপ্রসুভাৱে এই সংৰক্ষণ প্রক্রিয়াত ভাগ লয় তেতিয়া এই সৰু সৰু পদক্ষেপেই প্রচণ্ড প্ৰভাৱ আমাৰ পাৰিপাৰ্শ্বিক আৰু সমাজত প্রচণ্ড প্রভাৱ পেলাবলৈ যথেষ্ট হ’ব। সক্ষমৰ দৰে কাৰ্যসূচী নিতান্তই আৱশ্যক আৰু প্রয়োজনীয়। এনে ধৰণৰ কাৰ্যসূচীয়ে প্রতিজন ব্যক্তিক তেওঁলোকৰ কৰ্ত্তব্য (পালনত মুখ্য ভূমিকা) পালন কৰিবলৈ সক্ষম কৰি তোলে। শ্রেষ্ঠতৰ কৰি তুলিবলৈ, সুস্থ বাতাবৰণ সৃষ্টি কৰিবলৈ মুখ্য ভূমিকা পালন কৰিবলৈ সক্ষম কৰি তোলে।

এইক্ষেত্ৰত ভাৰত চৰকাৰৰ প্ৰাকৃতিক গেছ আয়োগৰ সমূহীয়া প্রচেষ্টা উচ্চ প্রশংসনীয় আৰু মই বিশ্বাস কৰো এনে ধৰণৰ সজাগতাৰ কাৰ্যসূচী অবিৰতভাৱে আয়োজন কৰিবলৈ সৰ্বসাধাৰণ লোক সজাগ হোৱাই নহয় সামাজিক পৰিৱেশ আৰু সেউজীয়া ধৰণীৰ সপোন বাস্তবায়িত কৰিবলৈ হ’লে জনসাধাৰণ উৎসাহিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *