নগাঁও: এজন মানৱ দৰদী ব্যক্তি । সমাজৰ হকে কাম কৰি পায় তেওঁ আনন্দ ৷ সেয়ে ৰাইজৰ কোনো সমস্যাৰ বিষয়ে জ্ঞাত হ’লেই ওলায় আহে তেওঁ ৷ ঠিয় হয় অসহায়জনৰ কাষত ৷ নামি পৰে তেনে সমস্যা সমাধানত । এইদৰে ৰাজহুৱা সমস্যাৰ কথা শুনিলেই আগুৱাই অহা এই হৃদয়ৱান লোকজন হৈছে তফাজুল হক মৰল । ঘৰ নগাঁও জিলাৰ শিঙাৰীত ৷ বিগত সময়ছোৱাত তেওঁ সমাজৰ হকে নিঃস্বাৰ্থভাবে সেৱা আগবঢ়াই আহিছে ৷ আনকি গ্ৰামাঞ্চলৰ জৰাজীৰ্ণ বাট-পথেই হওঁক অথবা ধৰ্মীয় অনুষ্ঠানৰ কাম-কাজেই হওঁক যিকোনো ক্ষেত্ৰতে আগুৱাই আহে তেওঁ ৷ নিজৰ সাধ্যানুসাৰে ৰাইজৰ সেৱা আগবঢ়াই তেওঁ আত্মসন্তুষ্টি লাভ কৰে ৷ ইয়াৰ অংশহিচাপে বৃহস্পতিবাৰে শিঙীয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত এটি জৰাজীৰ্ণ পথ মেৰামতি কৰে মানৱদৰদী এই লোকজনে ৷ তেওঁ ব্যক্তিগত পুঁজিৰে পথটো মেৰামতি কৰি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয় । সমাজৰ হকে ওলাই অহা তফাজুল হক মৰলৰ এই হিতকাৰী কৰ্মই এতিয়া শিঙীয়াৰ ৰাইজক আপ্লুত কৰি তুলিছে ৷ সেয়ে স্থানীয় ৰাইজে কৃতজ্ঞতাৰ চিনস্বৰূপে মৰলক ফুল ছটিয়াই ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে । ইফালে, শেহতীয়াভাবে তফাজুল হক মৰলৰ এনে কৰ্মৰাজিয়ে ৰাইজৰ মাজত বেছ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ৷
