নগাঁও: নগাঁও জিলাৰ ভকতগাঁওস্থিত দাৰুল হাদিছ ভকতগাওঁ ৰাশ্বিদীয়া ইছলামীয়া মাদ্ৰাছাতুল বানত হৈছে নাৰী শিক্ষাৰ এখনি অগ্ৰণী শিক্ষানুষ্ঠান । ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে মডাৰ্ণ ইছলামিক গাৰ্লছ একাডেমী ৷ এই বানাত মাদ্ৰাছাৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অবতীৰ্ণ হোৱা মুঠ সাত গৰাকী ছাত্ৰীৰ ভিতৰত আটাইকেইগৰাকীয়েই সুখ্যাতিৰে উত্তীৰ্ণ হয় ৷ বৃহত্তৰ ভকতগাঁও অঞ্চললৈ গৌৰৱ কঢ়িয়াই সমাজৰ নিজৰ লগতে মাদ্ৰাছাখনৰ নাম উজ্বলাই তোলা এই মেধাৱী ছাত্ৰীসকলক দেওঁবাৰে মাদ্ৰাছাৰ তৰফৰ পৰা বিশেষভাবে সম্বৰ্ধনা জনোৱা হয় । সেই উদ্দেশ্যে অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে বিশিষ্ট ইছলামিক চিন্তাবিদ, সদৌ অসম তনজিম মাদাৰিছ কৌমিয়াৰ সম্পাদক হজৰত মৌলানা নুৰুল আমিন কাছিমী উপস্থিত থাকে । তেওঁ শিক্ষাৰ্থী আৰু শিক্ষাগুৰুক উদ্দেশ্যি প্ৰদান কৰা ভাষণত নাৰী শিক্ষাৰ মহত্ত্ব আৰু ধৰ্মীয় শিক্ষাৰ সমান্তৰালভাৱে আধুনিক শিক্ষা ব্যৱস্থাৰ গুৰুত্বৰ সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়াই ৷ উক্ত অনুষ্ঠানত নগাঁও জিলা জমিয়ত ও দ্বিনী তালিমী ব’ৰ্ডৰ সাধাৰণ সম্পাদক মৌলানা আব্দুছ ছালামকে ধৰি মাদ্ৰাছা পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয়া, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাৱিকাৰ লগতে শতাধিক ছাত্ৰী উপস্থিত থাকে ।
