ক্ৰীড়াবিদগৰাকীক অভিনন্দন জ্ঞাপন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ
নিউজ ডেস্কঃ অসম কন্যা ৰ’দালি বৰুৱাই ভিয়েটনামত অনুষ্ঠিত ‘এছিয়ান টাইকোৱানডো চেম্পিয়নশ্বিপ-২০২৪’ত ব্ৰঞ্জৰ পদক জিনি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে। অসম তনয়া ৰ’দালি বৰুৱাক এই সাফল্যৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে ৷ মহিলাৰ ৭৩ কেজি শাখাত ব্ৰঞ্জৰ পদক জয় কৰা খেলুৱৈগৰাকীয়ে ভৱিষ্যতে অধিক সফলতা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা ব্যক্ত কৰে৷
