Spread the love

নগাঁওঃ কোনো কামৰ সফলতাৰ ক্ষেত্ৰত পুৰুষ বা মহিলা বুলি কথা নাই ৷ সঠিক লক্ষ্য আৰু উদ্দেশ্যে আগত ৰাখি আগবাঢ়িলে সকলোয়েই মনে বিচৰা সফলতা লাভ কৰিব পাৰে ৷ কোনো কামতেই অসফল হোৱা নাযায় ৷ তাৰ বাবে লাগিব এটি দৃঢ় মন আৰু প্ৰৱল একাগ্ৰতা ৷ এই ক্ষেত্ৰত উদাহৰণ হিচাপে নগাঁও জিলাৰ ধিং অঞ্চলৰ এগৰাকী উদ্যমী মহিলাৰ কথাকে ক’ব পাৰি ৷ এই মহিলাগৰাকীয়ে আন মহিলাৰ বাবে সুন্দৰ নিদৰ্শন দাঙি ধৰি বাস্তৱ ৰূপ দিবলৈ সক্ষম হৈছে নিজৰ সপোনক ৷ প্ৰকৃতিপ্ৰেমী দৃঢ়মনা এই মহিলাগৰাকী হৈছে প্ৰীতিৰেখা বৰা । ঘৰ হৈছে ধিঙৰ আউনী আটি সত্ৰত ৷ আচলতে, কৰ্মৰ ক্ষেত্ৰত পুৰুষৰ তুলনাত মহিলাসকলো যে কম নহয় তাকেই প্ৰতিপন্ন কৰি এইগৰাকী মহিলাই নিজৰ সাচতীয়া ধনেৰে ঘৰতে পৰিপাতিকৈ গঢ়ি তুলিছে পাৰিজাত নামৰ এখন আটকধুনীয়া নাৰ্চাৰী ।

ইফালে, বিভিন্ন প্ৰকাৰৰ নানা ৰঙী গছ-বিৰিখৰ পুলিৰে জাতিষ্কাৰ হৈ পৰা নাৰ্চাৰীখন মঙলবাৰে আনুষ্ঠানিকভাবে মুকলি কৰা হয় । সত্ৰৰ ভকত-বৈষ্ণবৰ উপস্থিতিত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত আয়তীৰ উৰুলিৰ মাজেৰে নাৰ্চাৰীখন মুকলি কৰে বটদ্ৰৱা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শিখা গগৈয়ে । অনুৰাধা আত্মসহায়ক গোটৰ সদস্যা প্ৰীতিৰেখা বৰাৰ এই প্ৰশংসনীয় কৰ্মৰ সকলোয়ে শলাগ লোৱাৰ লগতে আন মহিলাসকলৰ বাবে আদৰ্শ হৈ পৰা এই নাৰ্চাৰীখনৰ জৰিয়তে প্ৰীতিৰেখা বৰা ভৱিষ্যতে মসৃণভাবে আগুৱাই যোৱাৰ কামনা কৰিছে ৷