নগাঁওঃ মধ্য অসমৰ অগ্ৰণী স্বাস্থ্য সেৱা প্ৰতিষ্ঠান ছিমচ মাল্টি স্পেচিয়েলিটি হস্পিতালে সাধাৰণ জনতাৰ সৈতে নিবিড় সংযোগ স্থাপন আৰু সামাজিক দায়বদ্ধতা বজাই ৰখাৰ উদ্দেশ্য আগত ৰাখি সময়ে সময়ে বিভিন্ন জন কল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷ ইয়াৰ অংশহিচাপে বুধবাৰে নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত মাজ জাজৰি গাঁও পঞ্চায়ত কাৰ্যালয়ত এটি বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰ অনুষ্ঠিত কৰা হয় ৷ শিবিৰটোৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডাঃ অজিৎ গোস্বামীয়ে ছিমছে বিগত সময়ছোৱাত ৰূপায়ণ কৰি অহা নানা প্ৰকাৰৰ জন কল্যানমূলক কাৰ্যক্ৰমণিকাৰ বিষয়ে ব্যাখ্যা দাঙি ধৰি ছিমচ মাল্টি স্পেচিয়েলিটি হস্পিতালৰ তৰফৰ পৰা সময়ে সময়ে নগাঁও, মৰিগাঁও, কাৰ্বি আংলঙ জিলাৰ দুৰ্গম, পিছপৰা অঞ্চললৈ গৈ সমাজৰ দুখীয়া শ্ৰেণীৰ লোকৰ স্বাস্থ্য সেৱা আৰু সজাগতা দুয়ো দিশেৰে সেৱা আগবঢ়োৱাৰ প্ৰয়াস কৰি অহা বুলি মন্তব্য কৰে ৷ নিহাৰিকা বৰাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত স্থানীয় জেষ্ঠ নাগৰিকৰ সোনাৰাম বৰাই ছিমচৰ ফালৰ পৰা ৰাইজক সেৱা আগবঢ়োৱা এনে পদক্ষেপৰ শলাগ লৈ এয়া সামাজিক দায়বদ্ধতাৰ পৰিচায়ক বুলি মন্তব্য কৰে ৷ শিবিৰটোত ডাঃ প্ৰাঞ্জল ডেকা, ডাঃ জড়জীশ আহমেদ, ডাঃ পাৰ্থ মুদৈ, ডাঃ হাচিনা ৰহমান, ৰাজীৱ আহমেদ, প্ৰশান্ত দাস, লীনা মনি ডেকাকে আদি কৰি কেইবাগৰাকীও চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ দলৰ দ্বাৰা অঞ্চলৰ শতাধিক ৰোগীৰ বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা প্ৰদানৰ লগতে ঔষধ বিতৰণ কৰা হয়৷
