Spread the love

নগাঁওঃ অহা সোমবাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উজ-জোহা বা বকৰিদ ৷ সেয়ে ৰাজ্যৰ সৰ্বত্ৰে চলিছে এতিয়া ঈদৰ ব্যাপক প্ৰস্তুতি ৷ ধনী-দুখীয়া, উচ্চ-নীচ ভেদাভেদ পাহৰি সকলোয়েই এই উৎসৱটি পালনৰ নিমিত্তে নিজকে সাজু কৰিছে ৷ ইয়াৰ ব্যতিক্ৰম নহয় নগাওঁ আৰু মৰিগাঁও জিলাৰ সীমান্তবৰ্তী বৃহত্তৰ টুকটুকী অঞ্চলো ৷ এই অঞ্চলটিটো দেখিবলৈ পোৱা গৈছে ঈদৰ ব্যাপক প্ৰস্তুতি । অঞ্চলটোৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত এতিয়া ঈদকেন্দ্ৰীক সীমাহীন ব্যস্ততা । কোনোবাই যদি কোৰবাণীৰ বাবে জীৱ-জন্তু কিনাত ব্যস্ত, আন কোনোবাই বজাৰ-সমাৰ কৰাত ব্যস্ত ৷ ঠিক সেইদৰে আন কোনোবাই আকৌ আত্মীয়-স্বজনক ঈদৰ নিমন্ত্ৰণ দিয়াত ব্যস্ত ৷ মুঠতে অপৰিসীম ব্যস্ততা ৷ তদুপৰি অঞ্চলটোৰ দোকান-বজাৰসমূহ ৰং-বিৰঙৰ পিঠা, মেহেন্দি, আঁতৰ, সুৰমা, মা-মচলাকে ধৰি নানা তৰহৰ সামগ্ৰীৰে ভৰি পৰিছে । ইফালে, বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ ঈদগাহ ‘কটহগুৰি আঞ্চলিক ঈদগাহ ময়দান’ চাফ-চিকুণ কৰি আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে । সজা হৈছে আদৰণি তোৰণ ৷ এই ঈদগাহ ময়দানত প্ৰতি বছৰৰ দৰে এইবাৰো অহা সোমবাৰে ঈদৰ দিনা পুৱা ৮-৩০ বজাত অসমৰ বিশিষ্ট ক্বাৰী আব্দুল কাদিৰৰ ইমামতীত্বত পবিত্ৰ ঈদৰ নামাজ আদায় কৰা হব । আনহাতে, পবিত্ৰ ঈদৰ প্ৰাকক্ষণত শনিবাৰে কটহগুৰি আঞ্চলিক ঈদ ময়দানৰ মূল প্ৰৱেশ দ্বাৰৰ তোৰণৰ আধাৰ শিলা স্থাপন কৰে পৰিচালনা সমিতিয়ে ।