গুৱাহাটী প্ৰেছ ক্লাবত পৰিণীতা বৰাৰ ‘নব্য মাধ্যমত সাহিত্যঃ তত্ত্ব আৰু বিচাৰ’ শীৰ্ষক গ্ৰন্থ উন্মোচন

Spread the love

নিউজ ডেস্কঃ গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে এক মনোজ্ঞ গ্ৰন্থ উন্মোচনী অনুষ্ঠান সম্পন্ন হয়। এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ড০ পৰিণীতা বৰাৰ ‘নব্য মাধ্যমত সাহিত্যঃ তত্ত্ব আৰু বিচাৰ’ শীৰ্ষক প্ৰথমখন নব্য মাধ্যমত সাহিত্য সম্পৰ্কীয় গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে, সাহিত্য-সমালোচক, নিৱন্ধকাৰ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড- বিভাস চৌধুৰী, লেখক, চিন্তাবিদ, সুবক্তা ময়ূৰ বৰা আৰু বিশিষ্ট কবি, অনুবাদক ড- লুটফা হনুম ছেলিমা বেগমে। অনুষ্ঠানত ভালেমান বিশিষ্ট ব্যক্তি, লেখক, শুভাকাংক্ষী উপস্থিত থাকে।
ভাষণত অধ্যাপক ড০ বিভাস চৌধুৰীয়ে পৰিণীতা বৰাৰ গ্ৰন্থখনিয়ে নব্য মাধ্যমৰ সাহিত্য সম্পৰ্কত অধ্যয়ন-গৱেষণাৰ প্ৰতি আগ্ৰহীসকলক এক নতুন পথ প্ৰদৰ্শন কৰিব বুলি মন্তব্য কৰে। লগতে চিন্তাবিদ ময়ূৰ বৰাই নব্য মাধ্যমক ভিন্ন দৃষ্টিৰে আলোকপাত কৰাৰ লগতে লেখকক এই বিষয়ত অধ্যয়নত ব্ৰতী থাকিবৰ বাবে উৎসাহ তথা পৰামৰ্শ প্ৰদান কৰে।


কবি ড০ লুটফা হনুম ছেলিমা বেগমে পৰিণীতা বৰাক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বৈদ্যুতিন সাহিত্যক অসমীয়া সাহিত্যৰ ইতিহাসত এক অধ্যায়ৰূপে সংযোজনকলৈ আশা ব্যক্ত কৰে। বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক শিল্পী শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত একেখন মহাবিদ্যালয়ৰে সহকাৰী অধ্যাপক বিদ্যুত দত্তই শলাগৰ শৰাই আগবঢ়ায়। লেখক আৰু প্ৰকাশক তথা পূৰ্বায়ণ প্ৰকাশনৰ স্বত্বাধিকাৰী ড০ অমৃত কুমাৰ উপাধ্যায়ে পাঠক সমাজে গ্ৰন্থখনক আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *