অসম কৃষি বিশ্ববিদ্যালয়ত বাগিচা শস্যৰ জৰিয়তে উদ্যোগীকৰণ বিকাশ শীৰ্ষক সৰ্বভাৰতীয় পৰ্যায়ৰ পাঠ্যক্ৰম আৰম্ভ

Spread the love

যোৰহাটৰ প্ৰতিবেদক, ৩ মাৰ্চঃ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ পৃষ্ঠপোষকতাত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ চাহ কৃষি কৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ উদ্যোগত আজিৰে পৰা ‘বাগিচা শস্যৰ জৰিয়তে উদ্যোগীকৰণ বিকাশ’ শীৰ্ষক সৰ্বভাৰতীয় পৰ্যায়ৰ দহদিনীয়া চমু পাঠ্যক্ৰম আৰম্ভ হৈছে। নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ কৃষি শিক্ষা বিভাগৰ পৃষ্ঠপোষকতাত ৩-১২ মাৰ্চলৈকে হ’বলগীয়া এই পাঠ্যক্ৰমত কৰ্ণাটক, মধ্যপ্ৰদেশ, মেঘালয়, গুজৰাট আৰু অসমৰ ২১ গৰাকী অধ্যাপক-বিজ্ঞানী আৰু বিষয়বস্তু বিশেষজ্ঞই অংশগ্ৰহণ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয় অধিবিদ্যা ভৱনৰ প্ৰেক্ষাগৃহত আয়োজিত পাঠ্যক্ৰমৰ শুভাৰম্ভণি অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান গুৰু ড০ প্ৰসন্ন কুমাৰ পাঠকে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণত উদ্যোগীকৰণৰ ধাৰণা কেৱল ব্যৱসায়তেই সীমাবদ্ধ নহয় বুলি প্ৰকাশ কৰি নতুন ধাৰা আৰু ধাৰণাৰে ব্যৱসায়িক সম্ভাৱনীয়তা সৃষ্টি কৰাটো অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰি সৰু সৰু চিন্তা আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ ধাৰণাৰ জৰিয়তে সুন্দৰ সুযোগ আৰু সম্ভাৱনীয়তা সৃষ্টি কৰাটো অতি আৱশ্যকীয় কথা বুলি ব্যক্ত কৰে। পাঠ্যক্ৰমৰ যুটীয়া সমন্বয়ক ড০ সৌমিত্ৰ গোস্বামীয়ে আঁত ধৰা আৰু চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মুৰব্বী অধ্যাপক ড০ মৃদুল ডেকাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড০ অনুপ কুমাৰ দাস, ছাত্ৰ কল্যাণ সঞ্চালক ড০ বিনয় কুমাৰ মেধি, সামূহিক বিজ্ঞান গুৰু ড০ মামণি দাস আৰু ডিবিটিৰ ডাইৰেক্টৰ ড০ বিদ্যুৎ কুমাৰ শৰ্মায়ো বক্তব্য আগবঢ়ায়। পাঠ্যক্ৰমৰ সমন্বয়ক ড০ অদিতি স্মিথ গগৈয়ে পাঠ্যক্ৰম বিষয়ে সবিশেষ প্ৰকাশ কৰা সভাখনত শলাগ জ্ঞাপন কৰে যুটীয়া পাঠ্যক্ৰম সমন্বয়ক ড০ দিগন্ত কুমাৰ বৰাই। উদ্বোধনী অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰ কেইবাজনো মুৰব্বী অধ্যাপক, গৱেষক বিজ্ঞানী আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *