নিউজ ডেস্কঃ উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ, সংস্কৃতি মন্ত্ৰ্যালয়, ভাৰত চৰকাৰৰ ‘শিল্পগ্ৰাম’ৰ নিয়মীয়া সাপ্তাহিক সমূহীয়া সাংস্কৃতিক অনুষ্ঠানৰ অন্তৰ্গত গুৱাহাটী প্ৰেছ ক্লাবে আয়োজন কৰা ‘মহাপুৰুষীয়া ভাওনা নাট’ পৰিৱেশনৰ অনুষ্ঠানটি কালি দিনজোৰা কাৰ্যসূচীৰে সফলতাৰে অনুষ্ঠিত হয়। এন ই জেড চি চি শিল্পগ্ৰামৰ কৰ্তৃপক্ষই নিৰ্মাণ কৰা অস্থায়ী নামঘৰত গুৰু আসন প্ৰতিষ্ঠা কৰি পুৱা ১১ বজাত নাম-প্ৰসংগ-পাঠ অনুষ্ঠিত হয়। বিয়লি ৫ বজাত সন্ধিয়াৰ প্ৰসংগৰ পাছতে সমজুৱা বন্তি প্ৰজ্বলন কাৰ্যসূচীত সংগীত নাটক অকাদেমী বঁটা প্ৰাপক শিল্পী ক্ৰমে- শাৰদী শইকীয়া, গোবিন্দ শইকীয়া বৰবায়ন, ৰঞ্জুমণি শইকীয়া, বিশিষ্ট অভিনেত্ৰী চেতনা দাস, বিশিষ্ট সাংবাদিক গৌতম শৰ্মা, অসম চলচিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ উপাধ্যক্ষ আলক্ষ্য বৰুৱা, প্ৰেছ ক্লাবৰ সম্পাদক সঞ্জয় দে আৰু অধ্যাপক তথা সাংস্কৃতিক কৰ্মী-বিশ্লেষক ড০ দীপেন দাসে অংশগ্ৰহণ কৰি বন্তি প্ৰজ্জ্বলন কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰসাৰণ কাৰ্যবাহী তথা জনপ্ৰিয় ঘোষক-নাট্যকাৰ ঋতুপর্ণ দাস আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ সাংস্কৃতিক সম্পাদিকা পল্লবী বৰাই পৰিচালনা কৰা শুভাৰম্ভণি অনুষ্ঠানত এন ই জেড চি চি শিল্পগ্ৰামৰ সঞ্চালকৰ হৈ অনুষ্ঠান তথা সংবাদ সমন্বয়ক নৱ কুমাৰ ভৰালীয়ে এন ই জেড চি চিৰ সাংস্কৃতিক পদক্ষেপ সম্পৰ্কে চমু অৱতাৰণা কৰি উপস্থিত ৰাইজক আদৰণি জনায়।

ইয়াৰ পিছতে পূৰ্বৰংগ গায়ন-বায়ন আৰু সূত্ৰধাৰী পৰিৱেশনেৰে সম্পূৰ্ণ অসমীয়া বৈষ্ণৱ পৰম্পৰাৰ মাজেৰে ‘গান্ধাৰীৰ অভিশাপ’ ভাওনা ভাগি পৰিৱেশন কৰা হয়। উল্লেখ্য যে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি গুৱাহাটীত কৰ্মৰত সাংবাদিক সকলৰ ভাও চাবলৈ আহি মহানগৰীৰ কন কন শিশুৰ পৰা বৃদ্ধলৈকে পাঁচ শতাধিক দৰ্শক শিল্পগ্ৰামৰ অস্থায়ী ভাওনা প্ৰেক্ষাগৃহত সমবেত হয়। ৩:৩০ মিনিট জোৰা ভাওনাখনে ৰাইজক সন্মোহিত কৰিবলৈ সক্ষম হয়। অন্যহাতে এন ই জেড চি চিৰ সঞ্চালক তথা সংগীত নাটক অকাদেমী বঁটা প্ৰাপক শিল্পী ডাঃ প্ৰসন্ন গগৈয়ে ভাও-ভাৱৰীয়া, তথা নেপথ্যৰ কলা-কুশলী সকলক উচ্চমানৰ অভিনয়ৰ বাবে অভিনন্দন জনোৱাৰ লগতে একোখনকৈ ‘মান-পত্ৰ’ৰে সন্মানিত কৰে। ভাওনাৰ সৈতে জড়িত সকল হৈছেঃ নামঘৰীয়া তথা নাম প্ৰসংগ-পাঠৰ শিল্পীসকলঃ ৰমনী মোহন দাস, মাধৱ চৌধুৰী, গোপাল ডেকা, সঞ্জীৱ ৰাভা আৰু হৰিচৰণ দাস। দোহাৰঃ দীপেন শইকীয়া, ৰণ্টু বৰা, হিমাংশু বৰগোঁহাই, কৌশিক বৰুৱা, নিতু নিয়ৰ, কনক দত্ত, অংশুমান দত্ত আৰু পংকজ বৰুৱা। পোচাকঃ যতীন বৰা। পোহৰঃ তপন কুমাৰ বৰুৱা, শিৱ বনিয়া, নিক স্বৰ্গিয়াৰী আৰু হৰিচৰণ সিং। মঞ্চসজ্জাঃ উমা সোণোৱাল আৰু সহযোগী ৰাভা।

‘গান্ধাৰীৰ অভিশাপ’ ভাওনা গুৱাহাটী প্ৰেছ ক্লাবৰ অভিনয় শিল্পীসকলঃ
পৰিচালনাঃ ড০ দীপেন দাস, সহযোগী পৰিচালকঃ লুকু কোঁৱৰ, পৰিকল্পনাঃ ঋতুপর্ণ দাস, প্ৰয়োজনা নিয়ন্ত্ৰণঃ পল্লৱী বৰা। অভিনয়তঃ বিমল ভূষণ মহন্ত, এন ডি-২৪, অভিজিৎ গোস্বামী, নিউজ লাইভ, এঞ্জেলা চাংমাই, এন ডি-২৪, প্রণামী মহন্ত, প্ৰাগ নিউজ, আইচেংফা কোঁৱৰ, প্ৰতিদিন টাইম, হিমাদ্রীৰেখা ভৰালী, প্ৰথম খবৰ, ভাস্কৰ শইকীয়া, প্ৰথম খবৰ, নৱ মুক্তিয়াৰ, নিউজ লাইভ, জগদীশ ডেকা, এন কে টিভি, পুলক মহন্ত, প্রতিদিন টাইম, পল্লৱ দ্বীজেন, প্রতিদিন টাইম, কল্পজিৎ শইকীয়া, এন কে টিভি, মৃগাংক শইকীয়া, ডি বাই-৩৬৫, দীপাংকৰ শইকীয়া, প্রাগ নিউজ, দেৱপ্ৰতিম বৰুৱা, এন বি নিউজ, শোণিত কুমাৰ ভূঞা, প্রতিদিন টাইম, সত্যজিৎ গগৈ, আকাশবাণী গুৱাহাটী, সাৰংগপাণি ভূঞা, দূৰদৰ্শন কেন্দ্ৰ, গুৱাহাটী, তপন ভূঞা, নিউজ লাইভ, পংকজ বৰা, এন ডি ২৪, পংকজ মেধি, ডি এ নিউজ প্লাচ আৰু শৰৎ শৰ্মা, ই টিভি ভাৰত।
