অসম কৃষি বিশ্ববিদ্যালয় প্রাকৃতিক কৃষিৰ তিনিদিনীয়া ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণৰ সামৰণি

Spread the love

যোৰহাটঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ শস্য বিজ্ঞান বিভাগৰ দ্বাৰা আয়োজিত ‘কৃষকৰ বাবে প্ৰাকৃতিক কৃষি’ শীর্ষক তিনিদিনীয়া ৰাজ্যিক পৰ্যায়ৰ কৃষক প্রশিক্ষণৰ আজি সামৰণি পৰে। বিশ্ববিদ্যালয়ৰ কৃষক প্রশিক্ষণ আৰু পৰামৰ্শ কেন্দ্ৰত আয়োজিত সামৰণি অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড০ অনুপ কুমাৰ দাসে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি ভাষণত কয় যে ভাৰতৰ দৰে দেশত প্ৰাকৃতিক কৃষিৰ নৱমুল্যায়নৰ জৰিয়তে খাদ্য আৰু পৰিবেশৰ ভাৰসাম্য অক্ষুণ্ণ ৰাখিবলৈ প্ৰাকৃতিক কৃষি পদ্ধতিৰে উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰাকৃতিক কৃষিত অধিক গুৰুত্ব আৰোপ কৰি গৱেষণাৰ জৰিয়তে সহজভাৱে উপলব্ধ হোৱা পূৰ্ণ পৰিক্ষিত পেকেজ কৃষকৰ মাজলৈ লৈ যাব পাৰিলে অধিক উন্নয়নৰ আশা কৰিব পাৰি। সহকাৰী অধ্যাপক ড০ অঞ্জন কৃষ্ণ শর্মাই আঁতধৰা অনুষ্ঠানটোত শস্য বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক তথা প্ৰশিক্ষণৰ সঞ্চালক ড° কল্যাণ পাঠকে প্ৰাকৃতিক কৃষিৰ ওপৰত আলোকপাত কৰি প্ৰাকৃতিক কৃষি বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ আৰু চৰ্চিত বুলি উল্লেখ কৰি ইয়াৰ যথোচিত গৱেষণাৰ ফল কৃষকে পাব পৰাকৈ সজাগতাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে। যোৰহাট, গোলাঘাট, দৰং জিলাৰ ২৬ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণত প্ৰাকৃতিক কৃষিৰ ধাৰণা আৰু গুৰুত্ব, প্ৰাকৃতিক কৃষিত থলুৱা বীজৰ ভূমিকা, অনুমোদিত কৃষি পদ্ধতি, প্ৰাকৃতিক কৃষিৰ ব্যৱস্থাপনা আদি কেইবাটাও শাখাত পাঠদান কৰাৰ লগতে প্ৰাকৃতিক কৃষিৰ বাবে প্ৰয়োজনীয় উপাদান প্ৰস্তুত কৰাৰ ব্যৱহাৰিক প্ৰশিক্ষণ দিয়া হয়। তদুপৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ সমন্বিত পাম পদ্ধতি অগ্ৰণী গৱেষণা কেন্দ্ৰ পৰিদৰ্শন কৰোৱা হয়। প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত প্ৰাকৃতিক কৃষিৰ এখন প্ৰশিক্ষণ হাত পুথি উন্মোচন কৰা হয়। সামৰণি অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ ৰঞ্জিত কুমাৰ সাউদ, শস্য বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপক ড: ঈশ্বৰ চন্দ্ৰ বৰুৱায়ো অংশগ্ৰহণ কৰে। জ্যেষ্ঠ বিজ্ঞানী ড° সুৰজিত কলিতাই প্রমাণ-পত্র প্রদান কাৰ্যসূচীৰ আঁতধৰা অনুষ্ঠানটোত প্রাকৃতিক কৃষি গৱেষণা প্ৰকল্পৰ লগত জড়িত গৱেষক বিজ্ঞানীসকলে অংশগ্রহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *