🔹দ্বিতীয় দিনা পুতলাৰে ‘ৰাৱন বধ’ প্ৰদৰ্শন
নিউজ ডেস্কঃ সুৰজিৎ একাডেমীৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ সহযোগত গুৱাহাটীৰ পাণ্ডুৰ টেম্পল ঘাটত অৱস্থিত ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা “গৌৰৱজ্বল পুতলা নাচ শিল্প আৰু ইয়াৰ সামাজিক গুৰুত্ব”ৰ ওপৰত আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু সমাৰোহৰ আজি দ্বিতীয় দিন। দ্বিতীয় দিনৰ কাৰ্যসূচীত কলকতাৰ পৰা আমন্ত্ৰণ কৰি অনা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুতলা নাচৰ শিল্পী সুভাশিস সেনে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে পুতলা প্ৰস্তুতকাৰ্য সম্পৰ্কে মত বিনিময় কৰে।

পেলনীয়া সামগ্ৰীৰে কিদৰে পুতলা তৈয়াৰ কৰিব পাৰি তাৰো আভাস দিয়ে। ইপিনে ছাত্ৰ-ছাত্ৰীসকলেও বিভিন্ন সামগ্ৰীৰে অক্টোপাছ, চৰাই, দৰা কইনা আদি পুতলা সাজি সকলোকে আপ্লুত কৰি তোলে। আনহাতে আলোচনা চক্ৰৰ পিছতেই সুৰজিৎ একাডেমীৰ প্ৰযোজনাত সীমান্ত শৰ্মা ৰচিত আৰু বিনীতা দেৱী পৰিচালিত ‘ৰাৱন বধ’ পৰিবেশন কৰে। তিনিদিনীয়াকৈ অনুষ্ঠিত এই সমাৰোহ ১৯ ফেব্ৰুৱাৰীত সামৰণি পৰিব।










Leave a Reply