বটদ্ৰৱাৰ দময়ন্তী বালা মেমৰিয়েল ইংলিছ একাডেমীৰ বাৰ্ষিক দিৱস পালন

Spread the love

নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ অগ্ৰণী শিক্ষানুষ্ঠান দময়ন্তী বালা মেমৰিয়েল ইংলিছ একাডেমীৰ বাৰ্ষিক দিৱসটি শনিবাৰে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয় । সেই অনুসৰি পুৱা বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ধনীয়াভেটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰফিকুল ইছলামে । ইয়াৰ পিছতে একাডেমীৰ ছাত্ৰী হালিমা খাতুনে আদৰনি ভাষন প্ৰদান কৰে । একাডেমীৰ অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী ক্ৰমে নিশাদ সুমাইয়া, ইয়াচিৰ আৰফাট, আবু হাম্মাদ হোজাইফা, ৰাব্বানি হুছেইন, ষ্টাৰচন ৰংফাৰ আৰু ইমৰানা আখতাৰে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত আমন্ত্ৰিত অতিথি ৰূপে অংশ গ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত শিক্ষক তুৱাৰাম বৰুৱা, জ্যেষ্ঠ সাংবাদিক দিব্যজ্যোতি বৰুৱা আৰু কৌশিক সৰকাৰে দময়ন্তী বালা মেমৰিয়েল ইংলিছ একাডেমীৰ উত্তৰোত্তৰ কামনা কৰি ছাত্ৰ-ছাত্ৰীৰ উপযোগী সাৰুৱা ভাষন প্ৰদান কৰে ৷ একাডেমীৰ অধ্যক্ষ মামু গোস্বামী আৰু কেইবাগৰাকী অতিথিকে প্ৰমুখ্য কৰি শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাবিকাসহ চাৰি শতাধিক লোক উপস্থিত থকা অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰা সত্ৰীয়া নৃত্য, আধুনিক নৃত্য, আধুনিক গীত, কবিতা আবৃত্তি আদিৰে শিক্ষানুষ্ঠানৰ চৌহদ মুখৰিত হৈ পৰাৰ লগতে উপস্থিত সকলোকে মনোৰঞ্জনৰ খোৰাক যোগাবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *