১৭ ফেব্ৰুৱাৰীত অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৩ সংখ্যক সমাৱৰ্তন অনুষ্ঠান

Spread the love

যোৰহাটঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৩ সংখ্যক সমাৱৰ্তনখন ১৭ ফেব্ৰুৱাৰীত যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ মূল চৌহদত অনুষ্ঠিত হ’ব। বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত পৌৰোহিত্য কৰিব বিশ্ববিদ্যালয়ৰ আচাৰ্য ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই। সমাৱৰ্তনত অসম চৰকাৰৰ কৃষি, উদ্যান শস্য, পশু পালন আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰিব। বিশিষ্ট অর্থনীতিবিদ তথা নীতি আয়োগৰ সদস্য অধ্যাপক ৰমেশ চান্দে সমাৱর্তনত ভাষণ প্রদান কৰিব। এই সমাৱৰ্তনত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯ খন মহাবিদ্যালয় পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে পি এইচ ডি লাভ কৰাসকলক আনুষ্ঠানিকভাৱে প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু পৰিচালনা সমিতিয়ে এই অনুষ্ঠানত বিশ্ববিদ্যালয় পৰিয়ালৰ সহায়-সহযোগ কামনা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *