অসম কৃষি বিশ্ববিদ্যালয়ত ১৬ সংখ্যক ইণ্ডো জাপানিজ ডায়েলগ সম্পন্ন, জাপানী বিশেষজ্ঞৰ অংশগ্ৰহণ

Spread the love

যোৰহাট, ৪ মাৰ্চঃ অসম কৃষি বিশ্ববিদ্যালয়ত আজি ১৬ সংখ্যক ইণ্ডো জাপানিজ ডায়েলগ অনুষ্ঠিত হয়। ভাৰতত অৰ্থনৈতিক উন্নয়ন শীৰ্ষক বিষয়ত বিশেষভাৱে আলোচনা হোৱা এই আলোচনাত কেইবাজনো জাপানী কৃষি বিজ্ঞানী আৰু বিশেষজ্ঞই অংশগ্ৰহণ কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি বিভাগৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ ব’ৰ্ড ৰূমত আয়োজিত উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান গুৰু ড০ প্ৰসন্ন কুমাৰ পাঠকে এনে আলোচনাই অৰ্থনৈতিক উন্নয়নৰ দিশত বিশেষকৈ কৃষিক্ষেত্ৰৰ উন্নয়নৰ দিশৰ প্ৰকৃত প্ৰতিচ্ছবি লাভ কৰাত সহায়ক হ’ব বুলি আশা ব্যক্ত কৰে। শুভাৰম্ভণি বক্তব্যত জাপানৰ ক’বে বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ টাকাহিৰ চাটুৱে ভাৰত-জাপানৰ এনে সহযোগিতামূলক আলোচনা যথেষ্ট ফলপ্ৰসূ হ’ব বুলি আশা ব্যক্ত কৰি ভৱিষ্যতে এনেধৰণৰ অধিক সহযোগিতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰে। জাপানৰ ৱাছেদা বিশ্ববিদ্যালয়ৰ বিজ্ঞান গুৰু আটছুচি কাটৱে বক্তব্য আগবঢ়োৱা অনুষ্ঠানটোত বিশেষ বক্তব্যত পঞ্জাৱ কৃষি বিশ্ববিদ্যালয়, লুধিয়ানাৰ অধ্যাপক ড০ কমল ভট্টই দেশৰ অৰ্থনৈতিক উন্নয়নৰ আলোচনা কৰাৰ দিশত এইধৰণৰ আলোচনাই বৰ্তমানলৈকে বহু দিশত লাভাৱান্বিত কৰিছে বুলি উল্লেখ কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড০ সঞ্জয় কুমাৰ চেতিয়াই উত্তৰ পূৰ্বাঞ্চলৰ কৃষি অৰ্থনীতিৰ আভাষ আৰু সম্ভাৱনীয়তা সম্পৰ্কে আলোকপাত কৰি জাপানী কৃষি অৰ্থনীতি আৰু উৎপাদনৰ দিশেৰে বহু পৰিমাণে অনুপ্ৰাণিত হ’ব পৰা যায় বুলি উল্লেখ কৰে। অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড০ অনুপ কুমাৰ দাসে উন্নয়ন আৰু সফলতাৰ দিশেৰে বহুতো দিশত তুলনামূলক আলোচনাই আমাৰ বাবে সুন্দৰ সুযোগ সৃষ্টি কৰিব পাৰে বুলি আশা ব্যক্ত কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি আৰু পাম পৰিচালনা বিভাগৰ অধ্যাপক ড০ চন্দন হাজৰিকাই শলাগ জ্ঞাপন কৰা অনুষ্ঠানটোত অসম কৃষি বিশ্ববিদ্যালয়ৰ কেইবাজনো মুৰব্বী অধ্যাপক, গৱেষক বিজ্ঞানী আৰু শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *