গুৱাহাটী, ১২ এপ্ৰিলঃ অসমৰ একমাত্ৰ তথা প্ৰথমখন দিব্যাংগ নাট্য বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, নাট্যকাৰ, পৰিচালক, অভিনেতা ৰাজীৱ কুমাৰ সাউদৰ পৰিকল্পনা তথা পূৰ্বালি শৰ্মাৰ কথা আৰু কণ্ঠ, সিদ্ধাৰ্থ কাশ্যপৰ সংগীত ব্যৱস্থাপনা আৰু কণ্ঠৰে আজি ‘চেনাই’ শীৰ্ষক বিহু সুৰীয়া গীতটি গুৱাহাটীৰ সেন্দূৰী আলিত অৱস্থিত দিব্যাংগ নাট্য বিদ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়। গীতটিত ঢোল আৰু পেঁপা সংগত কৰিছে প্ৰদীপ বেজবৰুৱাই, বাঁহী জিতুপৰ্ণ দাস, গীটাৰ মৃদুল তুমুং, বিকাশ জয়ছোৱাল, ঘাত-বাদ্য (পাৰকাছন) সংগত কৰিছে নিপণ মহন্তই। গীতটি উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক তথা আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা, জনপ্ৰিয় তথা বিশিষ্ট কণ্ঠশিল্পী চাজু আৰু নৃত্য শিল্পী উপাসনা মহন্তই। গীতটি সম্পৰ্কে উৎসাহজনক মন্তব্য আগবঢ়াই গৌতম শৰ্মাই কয় যে মাতৃ ভাষা আৰু মাতৃদুগ্ধ পৃথিৱীৰ সকলোতকৈ পৱিত্ৰ বস্তু। মাতৃভাষাক জীয়াই ৰখাটো সকলোৰে দায়িত্ব বুলি অভিহিত কৰি পূৰ্বালি শৰ্মাই গীতটিত থলুৱা শব্দৰ যথাযথ ব্যৱহাৰ কৰাৰ কথা উনুকিয়ায়।

লগতে তেওঁ লোকসংগীতক ভূপেনদাৰ পৰা জুবিন গাৰ্গে নিজৰ গীতত কিদৰে ব্যৱহাৰ কৰিছে সেই বিষয়ে তথ্য সহকাৰে উল্লেখ কৰে। শৰ্মাই দিব্যাংগ নাট্য বিদ্যালয়লৈ আহি মন্দিৰলৈ অহা যেন অনুভৱ হোৱা বুলি কোৱাৰ লগতে ‘দিব্যাংগ নাট্য বিদ্যালয়’ৰ প্ৰচেষ্টাৰ শলাগ লয়। আনহাতে, চাজুৱে নিজৰ মন্তব্যত পূৰ্বালি শৰ্মাই দীৰ্ঘদিন ধৰি সংগীতৰ লগত জড়িত থকাৰ কথা উল্লেখ কৰি কণ্ঠশিল্পীগৰাকীয়ে পৰৱৰ্তী সময়ত ন ন গীতৰ সোৱা দি যাব বুলি আশা কৰে। নৃত্যশিল্পী উপাসনা মহন্তই এই পৰিৱেশত আবেগিক হৈ পৰে। বিশিষ্ট অতিথিসকলে বন্তি প্ৰজ্বলন কৰি আৰম্ভ কৰা উন্মোচনী অনুষ্ঠানটিত জাহ্নৱী প্ৰিয়া কাশ্যপে গুৰু বন্দনা পৰিৱেশন কৰে। আনহাতে সংস্কৃতা মালাকাৰেও এটি গীতেৰে সকলোকে আপ্লুত কৰে। ময়ূৰী দত্তই আঁত ধৰা অনুষ্ঠানটিত লেখিকা জুনেইনা আহমেদ, জুৰি গগৈ, দিলীপ দাস, ৰাজীৱ ৰহাং, খনিন ডেকা, নিকুঞ্জ নাথকে আদি কৰি সাহিত্য তথা সাংস্কৃতিক জগতৰ বহুকেইগৰাকী ব্যক্তি উপস্থিত থকাৰ লগতে দিব্যাংগ নাট্য বিদ্যালয়ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া, সদস্য আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। নৃত্য-গীতেৰে জীপাল হৈ উঠা অনুষ্ঠানটিত দিব্যাংগ নাট্য বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন অনুষ্ঠান পৰিবেশন কৰে। সভাৰ শেষত পূৰ্বালি শৰ্মাই সকলোকে শলাগৰ শৰাই আগবঢ়ায়।
