‘লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা, ২০২৬’ৰ বাবে কবিতাৰ পাণ্ডুলিপি আহ্বান

Spread the love

গুৱাহাটীঃ বিগত বছৰসমূহৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ভাষা-সাহিত্য-সংস্কৃতিমূলক স্বেচ্ছাসেৱী অনুষ্ঠান “স্পন্দন… শব্দৰ পৰা হৃদয়লৈ”-এ এইবাৰো ‘লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা, ২০২৬’ প্ৰদানৰ বাবে প্ৰস্তুতি চলাইছে। এই সন্মানীয় বঁটাৰ বাবে ৰাজ্যৰ ৪০ বছৰৰ অনুৰ্দ্ধৰ (যিসকলৰ জন্ম ৩১ ডিচেম্বৰ ১৯৮৫ ৰ পাছত হৈছে) নৱাগত তথা যুৱ লেখক-লেখিকাসকলৰ পৰা কবিতাৰ পাণ্ডুলিপি আহ্বান কৰা হৈছে।

উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে, প্ৰতিযোগিতাৰ বাবে প্ৰেৰণ কৰা পাণ্ডুলিপিত নিৰ্দিষ্টকৈ ৪০ টা কবিতা থাকিব লাগিব। লেখক-লেখিকাসকলে পাণ্ডুলিপিৰ সৈতে নিজৰ সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ আৰু বয়সৰ প্ৰমাণপত্ৰ গাঁঠি দিয়াটো বাধ্যতামূলক। উল্লেখযোগ্য যে, ইতিমধ্যে প্ৰকাশিত কোনো গ্ৰন্থ পাণ্ডুলিপি হিচাপে গ্ৰহণ কৰা নহ’ব।

ইচ্ছুক প্ৰতিযোগীসকলে অহা ৩১ জুলাই, ২০২৬ তাৰিখৰ ভিতৰত ডাক বা কুৰিয়াৰ যোগে নিজৰ পাণ্ডুলিপি প্ৰেৰণ কৰিব পাৰিব। প্ৰেৰণ কৰা খামটোৰ ওপৰত স্পষ্টকৈ “লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা, ২০২৬ ৰ বাবে” বুলি লিখা থাকিব লাগিব। আয়োজক সমিতিয়ে লগতে জনাইছে যে অমনোনীত পাণ্ডুলিপিসমূহ পৰৱৰ্তী সময়ত ঘূৰাই পঠোৱা নহ’ব।

‘লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা’ বিজয়ীগৰাকীলৈ নগদ ১৫,০০০ টকা, এটি স্মাৰক, এখন মানপত্ৰ, অংগবস্ত্ৰ আৰু মূল্যৱান গ্ৰন্থৰ টোপোলা আগবঢ়োৱা হ’ব।

পাণ্ডুলিপি প্ৰেৰণ কৰিবলগীয়া ঠিকনাটো হৈছে— নিবেদিতা হাজৰিকা, ২ বি, ব্লক- ৪, শ্বাইন হেভেন এপাৰ্টমেণ্ট, বাঘৰবড়ী ৰ’ড, সাতগাঁও আমবাৰী, গুৱাহাটী, ডাকঘৰঃ উদয়ন বিহাৰ, পিন- ৭৮১১৭১, ফোন : ৮১৩৫৮৭৩৮৬২

এই বঁটা তথা পাণ্ডুলিপি প্ৰেৰণ সন্দৰ্ভত সবিশেষ জানিবলৈ ইচ্ছুকসকলে আয়োজক সমিতিৰ ৮১৩৫৮৭৩৮৬২, ৯১০১০৩৮৬৫১, ৮১৩৫৮৪৪৩১৫ আৰু ৭০০২৭৮০২৫২ নম্বৰত যোগাযোগ কৰিব পাৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *